> ২ ছেপ্টেম্বৰ, সোমবাৰ । আজিৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 2 September, Monday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

Sponsored By

২ ছেপ্টেম্বৰ, সোমবাৰ । আজিৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 2 September, Monday - Today's horoscope in Assamese

   ২ ছেপ্টেম্বৰ, সোমবাৰ । আজিৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 2 September, Monday - Today's horoscope in Assamese






মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese  

কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হব আৰু তাক প্ৰশংসা কৰিব। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese


অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese   

কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। নতুন প্ৰস্তাৱ আকৰ্ষক হব কিন্তু সোনকালে নিৰ্ণ লব যোৱাটো বুধিয়কৰ কাম নহয়। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese 

ঘৰত কাম কৰোতে অধিক সাৱধান থাকক।ঘৰুৱা বস্তু সমূহক অৱহেলা কৰি ব্যৱহাৰ কৰিলে নতুন সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হব পাৰে। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেঅক সেই কাম কৰাৰ বাবে চাপ নিদিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese  

স্বাস্থ্য ভালে থাকিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। যি ব্যক্তি আগৰ পৰাই আপোনৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজিয়ে আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese 

প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ'লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ'ব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। সহকৰ্মী ৰ লগত কাম কৰা সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হব । যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese   

বন্ধু অথবা সহকৰ্মীৰ স্বাৰ্থজৰিত ব্যৱহাৰ আপোনাক মানসিক ভাৱে কষ্ট দিব পাৰে। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ কৈ ওলাওক। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপুনি এইটো কামত অসক্ষম হব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰলগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese 

স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। যদি আপুুনি সামূহিক গতিবিধি সমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নতুন বন্ধু লগ পাব পাৰে আৰু আপোনাৰ বন্ধুৰ তালিকাও বহুত দীঘল হৈ যাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনা সমূহ ব্যক্ত কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese 

আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হব পাৰে। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese  

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। বেলেগৰ লগত ভাল ভাৱে ব্যৱহাৰ কৰক ,বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আজিৰ প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese 

শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ ৰেহ-ৰূপ উজ্বলি উঠাত সহায় হ'ব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভাল্কৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese


আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। অফিচত আপুনিি কিবা এনেকুৱা কাম পাব পাৰে, যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। আপোনাৰ মৰম আৰু ভাল পোৱা -আপোনাৰ জীৱন লগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে।





SeeHere is theComments
close