> ১ আগষ্ট, বৃহস্পতিবাৰ । আজিৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 1 August, Thursday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

Sponsored By

১ আগষ্ট, বৃহস্পতিবাৰ । আজিৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 1 August, Thursday - Today's horoscope in Assamese

 ১ আগষ্ট, বৃহস্পতিবাৰ । আজিৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 1 August, Thursday - Today's horoscope in Assamese






মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese  

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese   

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। কামত আপুোনাৰ দক্ষতাৰ আজি পৰীক্ষা হব , ইচ্চা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টা ক একাগ্ৰতাৰে চলাই থাকিব লাগিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese 

ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শন্তি ভংগ কৰিব পাৰে।মানসিক হেচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ ৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese  

নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব।এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ ।আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত।যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক, যিকোনো কথা জোৰ-জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese 

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। আপোনাৰ ঘনিষ্ঠ লোক সমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে ,কিন্তু মোটামোটি ভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে ,সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese   

আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক কাৰণ এই অসুবিধা সমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese 

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese 

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম-কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰু ৰূপে পাৰ হব । আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব ।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese  

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। আপুনি আপোনাৰ একঘেমীয়া দিনৰ ব্যস্ততাৰ পৰা অলপ অৱসৰ লোৱা উচিত আৰু বন্ধু-বান্ধৱীৰ লগত বাহিৰত ফুৰিব যাওক। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্ম পৰিণাম দিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese 

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese 



আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ,যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ’ব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।





SeeHere is theComments
close