> বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত? - নিয়মীয়া খবৰ

ads5

Sponsored By

বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?




বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?


প্ৰায় এসপ্তাহ পাছতেই কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ আৰু সূৰ্যৰ মাজত বন্ধুত্বুূপূৰ্ণ সম্পৰ্ক আছে। কেৱল সেয়াই নহয়, জ্যোতিষ শাস্ত্ৰমতে সূৰ্য আৰু বুধৰ যুটিক অত্যন্ত শুভ বুলি ধৰা হয়। সেয়ে কন্যা ৰাশিত বুধৰ প্ৰৱেশক গুৰুত্বসহকাৰে লোৱা হয়। উল্লেখ্য যে জ্যোতিষ শাস্ত্ৰত সূৰ্যত মান সন্মান, পিতা, চৰকাৰী চাকৰীৰ কৰক গ্ৰহ বুলি কোৱা হয়। সূৰ্যৰ ৰাশি পৰিবৰ্তনে এই সমস্ত ক্ষেত্ৰক প্ৰভাৱিত কৰে। ১৭ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। এই স্থান সলনিৰ ফলত তিনি ৰাশিৰ জাতকৰ উন্নতি হ’ব। মান-সন্মান বৃদ্ধি পাব। পদোন্নতিৰো যোগ। সূৰ্যৰ ৰাশি পৰিবৰ্তন কোন কোন ৰাশিৰ বাবে শুভ?

কৰ্কট ৰাশি
জ্যোতিষ অনুযায়ী কৰ্কট ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ লাভ হ’ব। কাৰণ সূৰ্যই ৰাশিৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব। এই সময়ত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। বিদেশত ব্যৱসায় কৰি থকা জাতকসকলৰ লাভৰ সম্ভাৱনা। আনহাতে জ্যোতিষ অনুযায়ী সূৰ্য কৰ্কট ৰাশিৰ ধন স্থানৰ অধিপতি। এই সময়ত আকস্মিক ধন লাভৰ সম্ভাৱনা। আপোনাৰ মাজত প্ৰাণশক্তি সঞ্চাৰিত হ’ব। কৰ্কট ৰাশিৰ ব্যৱসায়ীসকলৰ লাভৰ সূচনা হ’ব।

ধনু ৰাশি

ধনু ৰাশিৰ জাতকসকলকো বুধৰ স্থান সলনিয়ে লাভাম্বিত কৰিব। আপোনাৰ কোষ্ঠীৰ দশম স্থানত সূৰ্যই বিচৰণ কৰিব। এই সময়ত পাৰিয়ালত কোনো মাঙ্গলিক অনুষ্ঠান আয়োজিত হ’ব পাৰে। দেশ-বিদেশ যাত্ৰা কৰিব পাৰে। সূৰ্য এই ৰাশিৰ নৱম স্থানৰ অধিপতি। এই সময়ত ইচ্ছাপূৰণ হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ। ইয়াৰোপৰি নতুন কাম আৰম্ভ কৰিব পাৰে। জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ ব্যৱসায়ীৰ হাতলৈ ধন আহিব।

মীন ৰাশি
সূৰ্যৰ কন্যা ৰাশিত প্ৰৱেশে মীন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। এই ৰাশিৰ কোষ্ঠীৰ সপ্তম স্থানত সূৰ্যই স্থান কৰিব। মীন ৰাশিৰ জাতকসকলৰ জীৱন আনন্দৰে ভৰি পৰিব। ইয়াৰোপৰি জীৱনসংগীৰ পৰা সহযোগিত লাভ কৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি মীন ৰাশিৰ যিসকল জাতক এতিয়াও অবিবাহিত তেওঁলোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। সূৰ্য মীন ৰাশিৰ ষষ্ঠ স্থানৰ অধিপতি। আইন আদালতৰ মামলাত সাফল্য লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক Nabaprajanma ৰ ফেচবুক পেজ
SeeHere is theComments
close