> ল’ৰা ছোৱালী পঢ়া শুনাত মনযোগ নোহোৱা হলে কৰাওক এই কাম :- Saraswati maa rituals in hindi - নিয়মীয়া খবৰ

ads5

Sponsored By

ল’ৰা ছোৱালী পঢ়া শুনাত মনযোগ নোহোৱা হলে কৰাওক এই কাম :- Saraswati maa rituals in hindi

ল’ৰা ছোৱালী পঢ়া শুনাত মনযোগ নোহোৱা হলে কৰাওক এই কাম :- Saraswati maa rituals in hindi






ল’ৰা ছোৱালী পঢ়া শুনাত মনযোগ নোহোৱা হলে কৰাওক এই কাম :-




প্ৰথমতে বিদ্যাদেৱী মা সৰস্বতীক সন্তুষ্টি কৰিবলৈ ময়ূৰ পাখি ব্যৱহাৰ কৰক। এটি ময়ূৰ পাখি কিনি আনি পঢ়া কিতাপৰ মাজত সুমুৱাই ৰাখক আৰু প্ৰত্যেক দিনাই পঢ়াৰ আগতে ময়ূৰ পাখিটি ওলিয়াই সেৱা ভক্তি কৰি মা সৰস্বতীক স্মৰণ কৰাওক ,

কিতাপৰ মাজত সুমুৱাই ৰাখক আৰু প্ৰত্যেক দিনাই পঢ়াৰ আগতে ময়ূৰ পাখিটি ওলিয়াই সেৱা ভক্তি কৰি মা সৰস্বতীক স্মৰণ কৰাওক ,



এনে কৰিলে সৰস্বতী মা সন্তুষ্ট হ’ব আৰু লাহে লাহে মনোযোগ বৃদ্ধি হৈ পৰিব।

দ্বিতীয়তে যদি আপোনাৰ সন্তানটি পঢ়াত দুৰ্বল আৰু পঢ়িবলৈ এলাহ বোধ কৰে তেন্তে ব্ৰাহ্মী পুস্পী খাবলৈ দিয়ক। দৈনিক কেইদিনমান ব্ৰাহ্মী পুস্পী খোৱাৰ ফলত সন্তানৰ বুদ্ধি তিক্ষ্ণ হৈ পৰিব।



আয়ুৰ্বেদ শাস্ত্ৰত ব্ৰাহ্মীক মেধ্য অৰ্থত স্মৃতি শক্তি বৰ্ধক বুলি মান্যতা দিয়া হয়। আকৌ আধুনিক চিকিৎসা শাস্ত্ৰৰ মতেও এই ব্ৰাহ্মীৰ বহু স্বাস্থ্য গুণ আছে। এই ব্ৰাহ্মী সেৱনে মানসিক অৱসাদ দূৰ কৰে, মগজুৰ প্ৰখৰতা বৃদ্ধি কৰে,উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

তৃতীয়তে যদি শিশু সকলৰ কথা কোৱাত অসুবিধা হয় বা কথা ক‌ওঁতে সময়ে সময়ে ৰৈ যায় তেন্তে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ শুভ দিনটিত বাঁহীৰ ফুটাকেইটা মমেৰ বন্ধ কৰি বাঁহীটিত মৌ জোল ভৰাই সেই



বাঁহীটি উত্তৰ পূব কোণৰ মাটিত পুটি দিব আৰু মা সৰস্বতীক স্বৰণ কৰি মনৰ কথা অবগত কৰিব যাতে আপোনাৰ শিশুটি ভালদৰে কথা কব পৰা হৈ যায়। এনে কৰিলে মা সৰস্বতী সন্তুষ্ট হৈ সন্তানৰ বাক অসুবিধা দুৰ হয় ।

চতুৰ্থতে প্ৰত্যেক দিনাই ৰাতিপুৱা শুই উঠিয়ে আপোনাৰ সন্তানটিক নিজৰ হাতৰ তলুৱা চাবলৈ কওক। কিয়নো আমাৰ হাতৰ ওপৰৰ অংশত মা লক্ষ্মী মধ্যত মা সৰস্বতী আৰু তলৰ অংশত ভগৱান শ্ৰীকৃষ্ণই বাস কৰে। এওঁলোকক ৰাতিপুৱাই দৰ্শন কৰিলে সুফল নিশ্চয় পাব।
SeeHere is theComments
close