> মহাদেৱৰ কৃপাত কপাল ফুলিব এইৰাশিৰ লোকৰ । জানক আপোনাৰ দৈনিক ৰাশিফল । - 19 June, Monday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

Sponsored By

মহাদেৱৰ কৃপাত কপাল ফুলিব এইৰাশিৰ লোকৰ । জানক আপোনাৰ দৈনিক ৰাশিফল । - 19 June, Monday - Today's horoscope in Assamese

  মহাদেৱৰ কৃপাত কপাল ফুলিব এইৰাশিৰ লোকৰ । জানক আপোনাৰ দৈনিক ৰাশিফল । -  19 June, Monday - Today's  horoscope in Assamese 



হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰ ভগৱান শিৱৰ দিন। আজিৰ দিনটোতে ভগৱান ভোলে নাথে নিয়ম-নীতি অনুসৰি পূজা কৰি সন্তুষ্ট হয় আৰু তেওঁৰ কৃপা লাভ কৰা বুলি বিশ্বাস কৰা হয়। একে সময়তে এনে বহুতো ৰাশি আছে, যাৰ ওপৰত ভগৱান শিৱৰ কৃপা সদায় থাকে। জ্যোতিষৰ মতে যাৰ ওপৰত ভগৱান ভোলে নাথ সদায় দয়ালু আৰু তেওঁৰ কৃপাত সদায় অৰ্থনৈতিক সমৃদ্ধি থাকিব বুলি বিশ্বাস কৰা হয়।



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, June 19, 2023)

পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। নিজৰ প্ৰিয়জনৰ সৰু-সুৰা ভুল সমূহক এৰাই চলক। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীত কৈ আগ বঢ়াত সহায় কৰিব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, June 19, 2023)

কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এচাইণ্ট মেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। আজি এই ৰাশিৰ ছাত্ৰ সকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, June 19, 2023)

আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হব পাৰে আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, June 19, 2023)

স্বাস্থ্য ভালে থাকিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। কিছু দিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰীত কৰক । অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহ সমূহক সহায় কৰিবলৈ চেষ্টা কৰক। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, June 19, 2023)

হাহিঁমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব । আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। আপুোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খঙ নামক ইন্দ্ৰীয়ক নিয়ন্ত্ৰণ কৰক। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, June 19, 2023)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হব ,কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, June 19, 2023)

মাদক দ্ৰব্যৰ পৰা দূৰত থাকক,কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। কাৰ্যক্ষেত্ৰত আৰু ভাল কৈ কাম কৰিবৰ বাবে নিজৰ দক্ষতাক আৰু ভাল কৰাৰ যত্ন কৰক। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, June 19, 2023)

আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপোনাৰ পৰিয়ালক কৈ আৰু নিজৰ কাম সমূহক জ্ঞাত কৰি অনুভৱ কৰাওক যে আপুনি তেখেত সকলৰ বহুত চিন্তা কৰে,ইয়াৰ বাবে সিহঁতে সুখ লাভ কৰিব আৰু এই সুখক দুগুণ কৰিবলৈ তেখেতৰ লগত ভাল সময় অতিবাহিত কৰক। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, June 19, 2023)

কামৰ মাজঅত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। কিশোৰ সমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। সময়,কামকাজ ,পইচা, বন্ধু-বান্ধৱ ,আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে ,দুয়ো প্ৰেমতে বিলীন হৈ থাকিব, আজি আপোনালোক নিজৰ মুডতে থাকিব। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লগাত পৰিব পাৰে। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। যেতিয়া আপুনি জীৱন সংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হব ,তেতিয়া আত্মীয়তা নিজে নিজে অনুভৱ হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, June 19, 2023)

আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ-বিবাদ হব পাৰে আৰু আপুনি আলোচনাৰ সন্মূখীনো হব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। আজি আপোনাৰ বৰিষ্ঠ সকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, June 19, 2023)

আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। কিছু দিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰীত কৰক । অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহ সমূহক সহায় কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। যদি আপুনি নিজৰ লক্ষ্য ত উপনীত হবলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, June 19, 2023)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ শলঠেকত পৰিব পাৰে। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগা দেৱা হব যিবোৰে আপোনাক প্ৰকাশ হব নিদিব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত সংঘাতৰ সৃষ্টি হব পাৰে

SeeHere is theComments

Sponsored

close