> ১৮ জুন, দেওবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - 18 June, Sunday - Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

Sponsored By

১৮ জুন, দেওবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - 18 June, Sunday - Tomorrow's horoscope in Assamese

   ১৮ জুন, দেওবাৰ- কাইলৈ  দিনটোৰ ৰাশিফল -  18 June, Sunday - Tomorrow's  horoscope in Assamese 





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, June 18, 2023)

আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলা প্ৰীতিৰ সহায় লওক। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। সময়ৰ চকা বহু দ্ৰুত গতিত চলে সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওঁক। আপুনি নিজৰ জীৱন সংগীগ্ৰ লগত কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰে। যদি আপুনি কিবা খেলত পাৰ্গত হয় তেন্তে আপুনি সেইটো খেল খেলি থকাটো আপোনাৰ বাবে বহুত ভাল ।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, June 18, 2023)


আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আজি আপোনাাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰৰ আশা কৰিব পাৰে। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। পৰি্যালৰ লগত এক গুৰুত্ব পূৰ্ণ নিৰ্ণয় লোৱা হব পাৰে আৰু এই নিৰ্ণয় লোৱাৰ এইটোয়ে ভাল আৰু সঠিক সময় । আগলৈ গৈ এই নিৰ্ণয়ৰ ফলত আপোনাৰ বহুত লাভ হোৱাৰ সম্ভাৱনা আছে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, June 18, 2023)

ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। জীৱন আৰু কাম-কাজ বোৰত অন্যৰ বাবে এক আদৰ্শ হিচাপে থিয় দিয়ক। ধুনীয়া মনৰ মানুহ যি আনক প্ৰত্যেক পদত সহায় কৰা মানৱীয় মূল্যৰ নিজক বেলেগৰ সন্মুখত নিজৰ পৰিচয় দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনত শান্তিৰ এনেই আগমণ হব। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। জীৱনৰ সোৱাদ অকল সোৱাদভৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক’ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, June 18, 2023)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ'লে বিপদত পৰিব পাৰে। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, June 18, 2023)

শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । দিনৰ আৰম্ভণি যদিও ভাল ভাৱে হব কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে। যদি আজি কিবা অধিক কৰিবলৈ নাই তেন্তে পুথিঁভৰালত সময় অতিবাহিত কৰাটো এটা ভাল বিকল্প হব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, June 18, 2023)

মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। সাধাৰণ ভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। কাৰোবাক কাম দিয়াৰ আগতে নিজেই সেই কামৰ বিষয়ে সম্পূৰ্ণ তথ্য জানি ল’ব লাগে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, June 18, 2023)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, June 18, 2023)

বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব , কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, June 18, 2023)

স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব ,সেইবাবে খোৱা বোৱাৰ ভলকৈ যত্ন লব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক ক্খৰচ নকৰিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ'লেই হয় সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কাম টো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।\


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, June 18, 2023)

জীৱনৰ পিনে গম্ভীৰ ধাৰণা এটা লৈ চলা ভাল নহয়। আপোনাৰ পূৰণী বেমাৰ এটাই আজি উক দিব পাৰে যাৰ ফলত আপুনি চিকিৎসালয় লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হব পাৰে। বৰিষ্ঠ আৰু পৰিয়ালৰ সদস্য সমূহে আপোনাক বহুত স্নেহ কৰিব লগতে বহুত যত্নশীল হব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আজি আপুনি গোটেই দিন দুখী থাকিব ,ইয়াৰ কাৰণটোও আপুনি বুজি নাপাব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, June 18, 2023)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। প্ৰপ্ৰেমৰ ফালেদি চাব গলে আজি এক ৰোমাঞ্চকৰ দিন ।সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব বাবে ভাল দিন । আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, June 18, 2023)

প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। কাৰোবাক কাম দিয়াৰ আগতে নিজেই সেই কামৰ বিষয়ে সম্পূৰ্ণ তথ্য জানি ল’ব লাগে।

SeeHere is theComments
close